সাৱধানতা ক'ৰ'ণা ভাইৰাচৰ পৰা


Download Audio

Source/Reference :- District Disaster Management Authority North Lakhi

Date : 20/07/2020


নমস্কাৰ


মই পাপৰি বৰা, লখিমপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া। ক'ৰ'না ভাইৰাচৰ ফলত সমগ্ৰ বিশ্বতে কেনেধৰণৰ অৱস্থা হৈছে সেই বিষয়ে আপোনালোক সকলোৱেই জ্ঞাত। যিহেতু এতিয়ালৈকে এই বেমাৰৰ কোনো ভেকচিন প্ৰস্তুত কৰিবপৰা নাই। সেয়েহে আমি নিজেই সকলোধৰণৰ সাৱধানতা অৱলম্বন কৰি প্ৰতি মুহুৰ্ত সতৰ্ক আৰু সজাগ হৈ থাকিব লাগিব। বৰ্তমান, সাৱধানতাইহে ক'ৰ'ণাৰ একমাত্ৰ ঔষধ। সেয়ে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ ফালৰপৰা দিয়া সকলো নীতি-নিয়ম আমি মানি চলিব লাগিব। যেনে ধৰিলওঁক হাতখন সঘনাই ধোৱা, মাস্ক  পৰিধান কৰা, কাহোতে বা হাচিয়াওঁতে সদায় মুখ আৰু নাক ৰুমাল বা টিছুৰে ঢাকি ৰাখিব লাগিব, ব্যৱহাৰ কৰা টিছু তৎক্ষণাত ডাষ্টবিনত পেলাই দিব লাগিব। প্ৰয়োজন নহ'লে ঘৰৰ চৌপাশৰ বাহিৰলৈ নাযাব, আনৰ লগত কথা পাতোঁতে ২ মিটাৰৰ ব্যৱধান বজাই ৰাখিব লাগিব।


মনত ৰাখিব আপোনাৰ যদি কাহ-জ্বৰ হৈ আছে আনৰ সংস্পৰ্শলৈ নাহিব। চকু, মুখ আৰু নাক অপৰিষ্কাৰ হাতেৰে নুচুব। য'তে-ত'তে থু-খেকাৰ নেপেলাব। আহক আমি সকলোৱে একেলগে ক'ৰ'ণা ভাইৰাছৰ সৈতে যুঁজ দিওঁ। 


ধন্যবাদ।


 Share