Message from DDMA Kokrajhar during Flood and Covid-19


Download Audio

Source/Reference :- District Disaster Management Authority Kokrajhar

Date : 21/07/2020


নমস্কাৰ

মই কমল  কিচৰ হাজৰিকা কোকৰাঝাৰ জিলা দুৰ্য্যোগ ব্যৱস্থাপনাৰ উপাধিকাৰি জিলা প্ৰকল্পক বিষয়া আমি জানো যে বাৰিষা অহাৰ লগে লগে অসমৰ বহু অঞ্চল বানাক্ৰান্ত হয় যদিও কোকৰাঝৰ জিলাখন ব্ৰহ্মপুত্ৰৰ সৈতে পোনপতীয়াকৈ জড়িত নহয তথাপিও আমাৰ জিলাখনৰ জুন জুলাই আগষ্ট মাহত বানপানী দ্বাৰা আক্ৰন্ত হৈ আহিছে ইয়াৰ মূলতে হৈছে ভুটান পাহাৰৰ পৰা নামি অহা সৰলভাঙা গৌৰাং সংকোচ হেল গংগিয়া তথা চম্মানদী বাঢ়নি পানী আমি সকলোৱে জানো যে কোকৰাঝৰ জিলাখনত সৰু ডাঙৰ নৈ জান জুৰি জিৰি আছে যিবিলাকৰ উৎপত্তিস্থল হৈছে ভুটান পাহাৰ সাধাৰণতে পাহাৰীয়া নদীবিলাক  শৰচতা হয় আৰু সাধাৰণ অৱস্থাত শোকায় থাকে কিন্তু যেতিয়ায়ে পাহাৰিয়া অঞ্চলত অতিমাত্ৰা বৰষুণ হয় তেতিয়া এই নৈ সমোহৰ পানীৰধৰ নামি আহে আৰু নৈ পৰীয়া গাওঁ সমুহ প্লাৱিত কৰে তাৰোপৰি জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ বসন্তীস্হান কমি অহাত আমাৰ বনাঞ্চল সমূহ ধ্বংস কৰি সেই স্হানবিলাকত মানুহৰ বসতি আৰম্ভ কৰাৰ লগে লগে লগতে আমাৰ অঞ্চলৰ  প্ৰাকৃিতিক জলাশয় বিলাক পুতিপেলোৱাত বিভিন্ন সময়ত আৱদ্ধ পানীৰ বাবেও জিলাখনত কৃতিম বানপানীৰদৰে সমস্যা সৃষ্টি হৈ আহিছে প্ৰতি বছৰৰ দৰে জুন জুলাই আগষ্ট মাহত কোকৰাঝাৰ জিলা বা ভুটানৰ পাৰ্চতি এলেকাত বহু পৰিমাণৰ বৰষুণ হয় আৰু এই বৰষুণৰ পানী সমুহ কোকৰাঝাৰ জিলাৰ নামনি অঞ্চলত বানপানীৰ সৃষ্টি কৰে আমি সকলোৱে জানো যে বৰ্তমান সময়ত Covid-19 যে সমগ্ৰ বিশ্বতে মানুহৰ গতানুগতিক জীৱনৰ প্ৰভাৱ বিস্তাৰ কৰিছে এই সংকতৰ সময়তে আমাৰ অঞ্চলত বানপানীৰদৰে সমস্যায় পৰিবেশ আৰু অধিক জতিল কৰিব পাৰে গতিকে আহক ৰায়জ আমি সকলোৱে স্বাস্থ্য বিভাগে আগবঢ়োৱা সকলো ধৰণৰ স্বাস্থ্য বিধি মানি চলো আৰু নিজৰ জীৱন সুৰক্ষীত কৰো ইয়াৰ লগতে বাৰিষা কালত আমাৰ দুৰ্য্যোগ প্ৰশমণ বিভাগ বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী সময়ে সময়ে Radio দুৰদৰ্শন তথা বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে দি আহিছে এই বাৰ্তাসমূহ আপনালোকে ভালদৰে অণোসাদমন কৰক আৰু ইয়াৰ দ্বাৰা দিয়া নিৰ্দেশ সমুহ মানি চলিবলৈ চেষ্টা কৰক Mask পৰিধান কৰি সামাজিক ব্যেবধান মানি আমি বানপানী আৰু Corona দৰে বিপদৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হও ইয়াৰ উপৰিও বৰষুণৰ বতৰত নৈত গা ধোৱা মাছ ধৰা নৈ পাৰ হোবা কাৰ্যৰ পৰা বিৰত থাকিব লাগে আমাৰ্ জিলাখনত প্ৰতিবছৰে 10 ৰ পৰা 12 মানুহে পাণীত ডুবি মৃত্যু সাৱতি লব লাগা হৈছে অকনমান সজাগতা আৰু সতৰ্ক হলে আমি এনেকোৱা বিপদৰ পৰা নিজৰ লগতে আনকো ৰক্ষা কৰিব পাৰো সেয়েহে আমি নিজৰ লগতে লৰা ছোৱালীক নৈত সাতুৰিব বা নৈৰ পানীত খেলিব  তথা ভৰা নদীত নামি পাৰ হোৱাৰ পৰা বিৰত ৰাখিব লাগে মনত ৰাখিব কেতিয়াও বৰষুণ দি থাকুতে বা নিশা নদী পাৰ হবলৈ চেষ্টা কৰিব নেলাগে সাবধান হওক সজাগ হওক

ধন্যবাদ


 Share