কোভিড -১৯ এর প্রতিরোধ


Download Audio

Source/Reference :- ECHO; OXFAM India; Ajagar Social Circle

Date : 03/01/2021


প্ৰিয় বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব । এই সংবাদটো অসম বান প্ৰতিক্ৰিয়া প্ৰজেক্ট যিটো ইকো(ECHO) অৰ্থাৎ  European Union Civil Protection and Humanitarian Aid আবন্টিত পুঁজি আৰু অক্সফাম ইণ্ডিয়া(OXFAM INDIA), অজগৰ চ'চিয়েল চাৰ্কল(AJAGAR SOCIAL CIRCLE) আৰু আদ্ৰা( ADDRA) অধিকাৰ বাণীৰ জৰিয়তে দিয়া হৈছে । প্ৰিয় বন্ধুসকল আমি সকলোৱে জানো যে ক'ভিদ ১৯ মহামাৰীয়ে এনেকুৱা এটা ৰূপ লৈছে যাৰ কবলত সমগ্ৰ বিশ্ব পৰিছে । গতিকে এনেকুৱা পৰিস্থিতিত সকলোৰে কৰ্তব্য হৈছে যে নিজৰ লগতে আনৰ যত্ন লওক আৰু এই ভয়ানক বেমাৰৰ পৰা নিজকে বচাই ৰাখক আৰু ওচৰ- চুবুৰীয়াকো বচাই ৰাখক । ইয়াৰ কাৰণে আমাৰ কোনো ডাঙৰ কাম কৰাৰ প্ৰয়োজন নাই । কিন্তু কেইটামান কথাৰ প্ৰতি গুৰুত্ব দিব লাগিব ।তাৰে এটা হৈছে মাস্কৰ উপযুক্ত ব্যৱহাৰ । মাস্কৰ যথাযথ ব্যৱহাৰে ক'ভিদ ১৯ ৰ বাহিৰেও আন কিছুমান স্বাস্থ্যজনিত ভাইৰেল ৰোগো প্ৰতিৰোধ কৰিব পাৰে । মাস্কৰ ব্যৱহাৰ কিয় প্ৰয়োজন? কাৰণ মাস্কৰ উপযুক্ত ব্যৱহাৰে ভাইৰাচৰ প্ৰসাৰ দূৰ কৰাত সহায় কৰে  । ই যে কেৱল আমাক ভাইৰাচৰ পৰা ৰক্ষা কৰে তেনে নহয় । তাৰোপৰি ই আমাৰ পৰিয়াল, ওচৰ-পাজৰ  আৰু মিত্ৰসকলকো ৰক্ষা কৰে । আপোনালোকৰ আৰু আমাৰ  মাস্কৰ উপযুক্ত ব্যৱহাৰে আমাৰ আগশাৰীৰলোক যেনে- চিকিৎসক,  পুলিচ আদি যিসকলে এই ভয়ানক সময়ত  দৃঢ় প্ৰহৰী নিচিনাকৈ কাম কৰি আছে তেওঁলোকৰো জীৱন ৰক্ষা কৰিব পাৰে । এতিয়া আহক আমি জানি লওঁ মাস্ক ব্যৱহাৰৰ কিছুমান জৰুৰী সংকেত । মাস্ক পৰিধান কৰাৰ  সময়ত প্ৰথমতে সদায় হাত  চাবোন আৰু পানীৰে ধোৱক। ব্যৱহাৰ কৰাৰ সময়ত মাস্কখন সদায় চুৱাৰ পৰা বিৰত থাকক । এবাৰ মাস্কখন পিন্ধাৰ পাছত মাস্কখন বেছি স্পৰ্শ কৰি নাথাকিব । যদি কৰে তেতিয়া আপোনাৰ হাত ধুই লওক । মাস্কখন যদি ধূলি আৰু ভিজি উঠে তেতিয়া তাক  পুনৰ ব্যৱহাৰ নকৰিব । কমেও মাস্কখন ৩/৪ ঘণ্টা ব্যৱহাৰ কৰিব পাৰিব । নাক,  মুখ ধুই মাস্ক ব্যৱহাৰ কৰিব আৰু এইটো নিশ্চিত কৰক মাস্কৰ কিনাৰত যাতে কোনো ফটা নাথাকে । মাস্কত কেৱল এলাষ্টিক বা সূতা ব্যৱহাৰ কৰিব । মাস্ক গল বা কাণত ওলোমাই ল'ব নালাগে । মাস্ক খোলাৰ পাছত আপোনাৰ হাতখন চাবোন বা পানীৰে চাফা কৰক তথা এলক'হল জড়িত চেনিটাইজাৰ ব্যৱহাৰ কৰক। ডিচপজিবল মাস্ক দ্বিতীয়বাৰ ব্যৱহাৰ নকৰিব ।কাপোৰৰ কভাৰ বা মাস্ক প্ৰতিবাৰ ব্যৱহাৰ কৰাৰ পিছত ধোৱাটো বাঞ্ছনীয় । এটা পৰিয়ালত প্ৰতিজন সদস্যৰে বেলেগ বেলেগ মাস্ক হোৱাটো জৰুৰী । যাতে এজনে আনজনৰ মাস্ক ব্যৱহাৰ কৰিব লগা নহয় । ব্যৱহাৰ কৰা মাস্কখন সাম্ভাবিক ৰুপত সংক্ৰমিত বুলি মানি ল'ব লাগে । ডিচপজিবল মাস্ক খন প্ৰথমে বীজাণুমুক্ত কৰাটো জৰুৰী । যিটো আমি ৫ শতাংশ ব্লীচ আৰু ১ শতাংশ ছডিয়াম হাইফ'ক্লৰাইডৰ ব্যৱহাৰ কৰি ল'ব পাৰোঁ । ইয়াৰ পিছত হয়তো সেই মাস্কখন জ্বলাই দিব লাগে আৰু নতুবা গভীৰ গাত খান্দি পুতিব লাগে । এতিয়া আমি কথা পাতো মাস্ক কেতিয়া পিন্ধিব লাগে । centre for disease control অৰ্থাৎ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰামৰ্শ মতে সাৰ্বজনীন স্থানত মাস্ক পিন্ধাটো প্ৰয়োজনীয় । বিশেষকৈ সেই স্থান য'ত এজনে আনজনৰ পৰা দূৰত্ব বজাই ৰখাটো কঠিন, চিকিতৎসালয়,ঔষধৰ দোকান  আৰু অন্য স্বাস্থ্য কেন্দ্ৰ , যিকোনো কাৰ্যালয়,  গেলামালৰ দোকান,  বেংক কাৰ্যালয়, শাক-পাচলিৰ দোকান ,স্থানীয় পৰিবহনৰ ব্যৱহাৰ  যেনে- বাছ,  অট'ৰিক্সা আদি । আহক  আমি সকলোৱে মিলি ক'ভিদ মহামাৰী ১৯ৰ লগত যুঁজ দিওঁ আৰু জয়ী হওঁ । মনত ৰাখিব দুইগজ দূৰত্ব, কিন্তু মাস্কখনো জৰুৰী । ধন্যবাদ ।।


 Share